হাদীছটোত বৰ্ণিত হৈছে যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দিশ-নিৰ্দেশনা বিচাৰি ক'লে যে, তেখেতে তেওঁক এনেকুৱা এটা আমল সম্পৰ্কে জনাব লাগে যিটো কৰিলে আল্লাহেও ভাল পাব আৰু মানুহেও তেওঁক ভাল পাব। ইয়াৰ উত্তৰত তেখেতে তেওঁক ক'লেঃ তুমি যদি পাৰ্থিৱ জীৱনৰ সেইবোৰ বস্তু পৰিত্যাগ কৰা, যিবোৰ বস্তুৰ আখিৰাতত কোনো প্ৰয়োজন নাই, তথা অলাগতীয়াল অনৰ্থক বস্তুবোৰ পৰিত্যাগ কৰা, লগতে সেইবোৰ বস্তু পৰিত্যাগ কৰা যিবোৰ দ্বীনি ক্ষেত্ৰত ক্ষতিকৰ, তেন্তে আল্লাহে তোমাক ভাল পাব। এইদৰে মানুহে তোমাক ভাল পাব তেতিয়া, যেতিয়া তুমি সিহঁতৰ হাতত থকা ধন-সম্পদৰ প্ৰতি লোভ নাৰাখিবা। কিয়নো মানুহে স্বভাৱগতভাৱে নিজৰ সম্পদক ভাল পায়। গতিকে যিয়ে সিহঁতৰ সম্পদৰ প্ৰতি লোভ ৰাখে, তাক মানুহে ভাল নাপায়। যিয়ে ইয়াক পৰিত্যাগ কৰে তাক সিহঁতে ভাল পায়।