উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল। ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মদীনালৈ অহাৰ পিছৰ পৰা তেখেতে আৰু তেখেতৰ পৰিয়ালবৰ্গই কেতিয়াও তিনি দিন পৰ্যন্ত ধাৰাবাহিকভাৱে ঘেঁহুৰ ৰুটি খাই তৃপ্ত হোৱা নাছিল। এই ধাৰাবাহিকতা তেখেতৰ মৃত্যু পৰ্যন্ত আছিল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সাধাৰণ জীৱন যাপন কৰিছিল। কিয়নো আখিৰাতৰ জীৱনেই হৈছে আচল জীৱন।
  • ইবনু হাজাৰে কৈছেঃ তেখেতসকলে এইদৰে জীৱন যাপন কৰাৰ অন্যতম প্ৰধান কাৰণ আছিল সা-সামগ্ৰীৰ অভাৱ। যদিও কেতিয়াবা তেখেতসকলে যথেষ্ট খাদ্য সামগ্ৰী পাইছিল, কিন্তু তাৰ পিছতো তেখেতসকলে নিজতকৈ আনক বেছি প্ৰাধান্য দিছিল।
explain-icon

অধিক