উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ। ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালবৰ্গই দৈনিক যি দুবেলা আহাৰ কৰিছিল, তাৰে এবাৰ ভোজনৰ খাদ্য হিচাপে থাকিছিল খেজুৰ।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়াল বৰ্গ অত্যন্ত বিনয়ী আছিল। কেতিয়াবা তেওঁলোকে দিনত এবাৰৰ বেছি আহাৰ কৰিবলৈ একো পোৱা নাছিল।
  • অন্যান্য আহাৰৰ তুলনাত খেজুৰ আছিল তেখেতসকলৰ বাবে অতি সহজলভ্য।
  • দুনিয়াৰ লোভ লালসা ত্যাগ কৰি নিজৰ ওচৰত যি আছে তাৰ ওপৰতে সন্তুষ্টি প্ৰকাশ কৰাৰ ফজীলত। এইটোৱে আছিল নবীসকলৰ চৰিত্ৰ আৰু ৰাছুলসকলৰ শিৰোমণিৰ পৱিত্ৰ ছীৰত।
  • দৈনিক দুবাৰ আহাৰ কৰাটো বৈধ তথা অনুমোদিত। এইটো আৰবীয়ানসকলৰ পৰিচিত অভ্যাস আছিল। তেওঁলোকে দৈনিক দুবাৰ আহাৰ কৰিছিল, এটা হৈছে মধ্যাহ্ন ভোজন আৰু আনটো হৈছে ৰাতিৰ আহাৰ।