নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে যে, তোমালোকে বিচৰানে যে, মই তোমালোকক এনেকুৱা আমলৰ সংবাদ দিওঁ, যি আমল হৈছে আমলনামাৰ পৰা গুনাহ মোচনৰ কাৰণ, আৰু জান্নাতত উচ্চ মৰ্যাদা অৰ্জন কৰাৰ উপায়? চাহাবাসকলে ক'লেঃ হয় আমি এইটো বিচাৰোঁ। তেখেতে ক'লেঃ প্ৰথমঃ কষ্টকৰ হোৱা সত্ত্বেও পৰিপূৰ্ণৰূপে অজু কৰা, যেনে- শীতকালত, অথবা পানী কম থকাৰ সময়ত, নাইবা শৰীৰত কোনো বিষ-বেদনা থকাৰ সময়ত, নাইবা গৰম পানীৰে অজু কৰোঁতে। দ্বিতীয়ঃ অধিক খোজ দিয়া, অৰ্থাৎ ঘৰৰ পৰা মছজিদৰ দূৰত্ব বেছি হোৱা সত্ত্বেও খোজকাঢ়ি যোৱা। তৃতীয়ঃ নামাজৰ বাবে অপেক্ষা কৰা, আৰু ইয়াৰ বাবে অন্তৰক ওলোমাই ৰখা (অৰ্থাৎ সদায় প্ৰস্তুত হৈ থকা)। জামাআতৰ বাবে মছজিদত বহি অপেক্ষা কৰা। এটা নামাজ পঢ়াৰ পিছত আনটো নামাজৰ বাবে অপেক্ষা কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, এইটোৱে হৈছে প্ৰকৃত প্ৰতিৰক্ষামূলক কাম। কাৰণ তেওঁ চয়তানক নিজৰ নফছৰ ওপৰত প্ৰভাৱ পেলাবলৈ সকলো দুৱাৰ বন্ধ কৰিছে। নিজৰ প্ৰবৃত্তিক দমন কৰিছে। কুমন্ত্ৰণা গ্ৰহণৰ পৰা নিজকে ৰক্ষা কৰিছে। ফলত আল্লাহৰ দলে চয়তানৰ সেনা বাহিনীক পৰাস্ত কৰিছে। এইটোৱে হৈছে মহা জিহাদ। ফলত এইটো হৈছে শত্ৰুৰ বিপক্ষে প্ৰতিৰক্ষাত নিয়োজিত সেনাবাহিনীৰ কৰ্মৰ দৰে।