আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, এবাৰ মুআৱিয়া (ৰাদ্বিয়াল্লাহু আনহু) মছজিদত বহি থকা এটা হালকাৰ উদ্দেশ্যে ওলাই আহিল, তেখেতে আহি ক'লেঃ কি কাৰণে তোমালোকে ইয়াত বহিছা? তেওঁলোকে ক'লেঃ আমি আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ বহিছোঁ। তেখেতে ক'লেঃ তোমালোকে আল্লাহৰ শপত খাই ক'ব পাৰিবানে যে, তোমালোকে ইয়াৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত বহা নাই? তেওঁলোকে ক'লেঃ আল্লাহৰ শপত! ইয়াৰ বাহিৰে আমাৰ আন কোনো উদ্দেশ্য নাই। তেখেতে ক'লেঃ মই তোমালোকক অপবাদ দিয়াৰ কাৰণে শপত খুওৱা নাছিলোঁ। আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত মোৰ দৰে অৱস্থান থকা ব্যক্তিসকলৰ মাজৰ কোনোৱেই মোতকৈ কম হাদীছ বৰ্ণনা কৰা নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামেও এবাৰ চাহাবাসকলৰ এটা হালাকাৰ ওচৰলৈ আহি কৈছিলঃ "তোমালোকে ইয়াত কিয় বহি আছা?" তেওঁলোকে কৈছিলঃ আমি আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ বহিছোঁ, লগতে তেওঁ আমাক ইছলামৰ যি পথ দেখুৱাইছে আৰু ইয়াৰ মাধ্যমত তেওঁ আমাক যি নিয়ামত প্ৰদান কৰিছে, তাৰ বাবে আমি তেওঁৰ প্ৰশংসা কৰি আছোঁ। তেখেতে ক'লেঃ "তোমালোকে আল্লাহৰ শপত খাই ক'ব পাৰিবানে যে, ইয়াৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত তোমালোকে ইয়াত বহা নাই?" তেওঁলোকে ক'লেঃ আল্লাহৰ শপত! ইয়াৰ বাহিৰে আমাৰ আন কোনো বেলেগ উদ্দেশ্য নাই। তেতিয়া তেখেতে ক'লেঃ "শুনা! মই তোমালোকক অপবাদ দিবলৈ শপত খুওৱা নাই, বৰং মোৰ ওচৰলৈ জিব্ৰীলে আহি সংবাদ দি গৈছে যে, সৰ্বশক্তিমান আল্লাহে তোমালোককলৈ ফিৰিস্তাসকলৰ মাজত গৌৰৱ কৰিছে।" ছহীহ - (মুছলিম)
explain-icon

ব্যাখ্যা

মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুমাই মছজিদৰ এটা হালাকাত অংশগ্ৰহণ কৰা লোকসকলৰ ওচৰত উপস্থিত হৈ সুধিছিল যে, তেওঁলোক কি উদ্দেশ্যত ইয়াত একত্ৰিত হৈছে। তেতিয়া তেওঁলোকে উত্তৰত কৈছিলঃ আল্লাহক স্মৰণ কৰাৰ বাবে অৰ্থাৎ জিকৰ-আজকাৰ কৰাৰ বাবে একত্ৰিত হৈছোঁ। তেতিয়া মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক শপত খাবলৈ ক'লে, যাতে তেওঁলোকে শপত খাই কয় যে, জিকৰ-আজকাৰৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত তেওঁলোকে তাত বহা নাই। তেতিয়া তেওঁলোকে তেওঁৰ সন্মুখত শপত খালে। ইয়াৰ পিছত তেখেতে তেওঁলোকক উদ্দেশ্য কৰি ক'লেঃ শুনা! মই তোমালোকক কোনো অপবাদ দিয়াৰ কাৰণে অথবা তোমালোকৰ সত্যতাৰ ক্ষেত্ৰত সন্দেহ কৰি শপত খাবলৈ দিয়া নাছিলোঁ। ইয়াৰ পিছত তেখেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত থকা তেখেতৰ অৱস্থান সম্পৰ্কে অৱগত কৰিলে, লগতে এই কথাও জনাই দিলে যে, তেখেত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম ঘনিষ্ট ব্যক্তি আছিল। তেখেতৰ ঘনিষ্টতাৰ অন্যতম এটা কাৰণ হৈছে এই যে, তেখেতৰ ভনী উম্মে হাবীবাহ আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী। লগতে তেখেত নিজেই আছিল অহী লেখকসকলৰ অন্যতম। ইয়াৰ পিছতো তেখেতে খুবেই কম সংখ্যক হাদীছ বৰ্ণনা কৰিছে। ইয়াৰ পিছত তেখেতে হাদীছ বৰ্ণনা কৰিলে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰৰ পৰা ওলাই আহি মছজিদত কিছুমান লোকক বহি থকা দেখা পালে। তেওঁলোকে আল্লাহৰ জিকৰ-আজকাৰ কৰি আছিল আৰু আল্লাহে তেওঁলোকক ইছলামৰ পথ দেখুৱাৰ কাৰণে আৰু তেওঁলোকক ইয়াৰ মাধ্যমত যি নিয়ামত প্ৰদান কৰিছে তাৰ বাবে তেওঁলোকে আল্লাহৰ প্ৰশংসা কৰি আছিল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামেও তেওঁলোকক তাত বহি থকাৰ কাৰণ সুধিছিল আৰু তেওঁলোকক শপত খুৱাইছিল, যিদৰে মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৱে এওঁলোকক সুধিছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক প্ৰশ্ন কৰাৰ কাৰণ সম্পৰ্কে আৰু শপত খোৱাৰ কাৰণ সম্পৰ্কে অৱগত কৰালে যে, ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামে আহি জনাইছে যে, সৰ্বশক্তিমান আল্লাহে তোমালোককলৈ ফিৰিস্তাসকলৰ মাজত গৌৰৱ কৰিছে, তেওঁলোকৰ সন্মুখত তোমালোকৰ ফজিলত দাঙি ধৰিছে। তোমালোকৰ উত্তম আমলসমূহ তেওঁলোকক দেখুৱাইছে আৰু তেওঁলোকৰ সন্মুখত তোমালোকৰ প্ৰশংসা কৰিছে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোত মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ ফজিলত আৰু জ্ঞান প্ৰচাৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হুবহু অনুসৰণৰ প্ৰতি থকা তেওঁৰ বিশেষ আগ্ৰহৰ কথা বৰ্ণিত হৈছে।
  • কোনো অপবাদ নিদিয়াকৈ কেৱল সংবাদৰ গুৰুত্ব বুজাবলৈ শপত কৰোৱা বৈধ।
  • হাদীছটোত ইল্ম আৰু জিকৰ-আজকাৰৰ বৈঠকৰ ফজিলত বৰ্ণিত হৈছে, লগতে এই কথাও উল্লেখ হৈছে যে, মহান আল্লাহে এনেকুৱা বৈঠকক মুহাব্বত কৰে আৰু ফিৰিস্তাসকলৰ আগত ইয়াকলৈ গৌৰৱ কৰে।