নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, কিয়ামতৰ পূৰ্বে চৰীয়তৰ জ্ঞান উঠাই লোৱা হ'ব, আৰু এইটো হ'ব বিজ্ঞ আলিমসকলক মৃত্যু প্ৰদান কৰাৰ মাধ্যমত। ইয়াৰ ফলত অজ্ঞানতা বৃদ্ধি পাব, অশ্লীলতা আৰু ব্যভিচাৰ প্ৰসাৰিত হ'ব, মাদক দ্ৰৱ্য সেৱন বৃদ্ধি হ'ব, পুৰুষৰ সংখ্যা কমিব আৰু নাৰীৰ সংখ্যা বাঢ়িব, আনকি এনেকুৱা এটা পৰ্যায় পাবগৈ যে, এজন পুৰুষে পঞ্চাচজনী নাৰীৰ দায়ত্বভাৰ লবলগীয়া হ'ব।