নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়া কোনো ব্যক্তিয়ে মৃত্যুবৰণ কৰে, তেতিয়া তাৰ সন্মুখত জান্নাত অথবা জাহান্নামত তাৰ হ'বলগীয়া বিশেষ স্থানটো পুৱা-গধূলি উপস্থাপন কৰা হয়। যদি জান্নাতী হয় তেন্তে জান্নাতৰ ঠাই দেখুৱা হয়, আনহাতে যদি জাহান্নামী হয় তেন্তে জাহান্নামৰ স্থান দেখুৱা হয়। লগতে তাক কোৱা হয়ঃ কিয়ামতৰ দিনা এই স্থানতে তোমাক প্ৰেৰণ কৰা হ'ব। মুমিনৰ বাবে এইটো হৈছে এটা নিয়ামত আৰু কাফিৰৰ বাবে এইটো হৈছে এটা শাস্তি।