বাৰা ইবনে আঝিব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "কবৰত যেতিয়া মুছলিমক প্ৰশ্ন কৰা হ'ব তেতিয়া তেওঁ সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল।" এই কথাই মহান আল্লাহে পৱিত্ৰ কোৰআনত কৈছেঃ "যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব।" (ছুৰা ইব্ৰাহীমঃ ২৭) ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

মুমিন ব্যক্তিক কবৰত প্ৰশ্ন কৰা হ'ব। দুজন ফিৰিস্তা মুনকাৰ আৰু নাকীৰে তেওঁক প্ৰশ্ন কৰিব। কেইবাটাও হাদীছত এই দুটা নাম উল্লেখ হৈছে। এতেকে তেওঁ সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই, আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, এইটোৱে হৈছে সুপ্ৰতিষ্ঠিত বাক্য, যিটোৰ বিষয়ে মহান আল্লাহে কৈছেঃ যিসকলে ঈমান আনিছে, আল্লাহে তেওঁলোকক সুদৃঢ় বাক্যৰ দ্বাৰা পাৰ্থিৱ জীৱনত আৰু আখিৰাতত সুপ্ৰতিষ্ঠিত ৰাখিব। (ছুৰা ইব্ৰাহীমঃ ২৭)

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • কবৰত প্ৰশ্ন কৰা বিষয়টো বাস্তৱ।
  • মুমিন বান্দাসকলৰ প্ৰতি এইটো আল্লাহৰ মহা অনুগ্ৰহ যে, তেওঁ পৃথিৱী আৰু আখিৰাতত তেওঁলোকক সুপ্ৰতিষ্ঠিত বাক্যৰ ওপৰত অটল ৰাখিব।
  • কলিমা তাওহীদৰ সাক্ষ্য আৰু ইয়াৰ ওপৰত মৃত্যুবৰণ কৰাৰ গুৰুত্ব।
  • আল্লাহে মুমিন বান্দাক পৃথিৱীত ঈমানৰ ওপৰত প্ৰতিষ্ঠিত ৰাখে, আৰু পোন পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰে। আনহাতে মৃত্যুৰ সময়ত তাওহীদৰ ওপৰত মৃত্যুবৰণ কৰাৰ তাওফীক দিয়ে। লগতে কবৰত ফিৰিস্তাসকলৰ প্ৰশ্নৰ সময়তো সুপ্ৰতিষ্ঠিত ৰাখে।
explain-icon

অধিক