ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত দুজন লোকৰ বিষয়ে আলোচনা কৰা হ'ল, তাৰে এজন হৈছে আবিদ (সাধক) আৰু আন এজন হৈছে আলিম। তেওঁলোকৰ মাজত উত্তম কোন? তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ চৰীয়তী জ্ঞানৰ অধিকাৰী আলিম, যিজনে সেই জ্ঞান অনুসৰি আমল কৰে আৰু ইয়াৰ শিক্ষা দিয়ে, তেওঁৰ মৰ্যাদা এজন সাধাৰণ ইবাদতকাৰীৰ তুলনাত সিমানেই উচ্চ, যেনেকৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ চাহাবীসকলৰ মাজৰ আটাইতকৈ নিম্ন স্তৰৰ ব্যক্তিৰ ওপৰত মৰ্যাদাৱান। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ কাৰণ স্পষ্ট কৰি কৈছে যে, মহান আল্লাহে, তেওঁৰ আৰচ বহনকাৰী ফিৰিস্তাসকলে, আকাশৰ অধিবাসী অন্যান্য ফিৰিস্তাসকলে, পৃথিৱীবাসী মানৱ-জিন আৰু সকলো জীৱ-জন্তুৱে, আনকি মাটিৰ তলৰ পৰুৱাৰ পৰা আৰম্ভ কৰি সাগৰৰ মাছেও, স্থল আৰু জলৰ সকলো প্ৰাণীয়ে, এই ধৰ্মীয় জ্ঞান শিকোৱা শিক্ষকৰ বাবে মংগল প্ৰাৰ্থনা কৰে। এই জ্ঞানেই হৈছে মানুহৰ মুক্তি আৰু সফলতাৰ মাধ্যম।