হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, আল্লাহৰ ওচৰত মুছলিম ব্যক্তিক সেই শ্ৰেণীৰেই প্ৰতিদান দিয়া হ'ব, যি ধৰণৰ ব্যৱহাৰ তেওঁ অন্যান্য মুছলিমসকলৰ সৈতে কৰিছিল। এতেকে যিয়ে কোনো মুমিন ব্যক্তিৰ পৰা কোনো দুখ-কষ্ট তথা সংকট নিৰসন কৰিব, মহান আল্লাহে তাক কিয়ামত দিৱসৰ বিপদৰ পৰা ৰক্ষা কৰি প্ৰতিদান দিব। যিয়ে কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা ব্যক্তিক অৱকাশ দিয়ে তথা সহায়ৰ হাত আগবঢ়ায় আৰু তাক বিপদৰ পৰা উদ্ধাৰ কৰে, আল্লাহে পৃথিৱী আৰু আখিৰাতত সেই ব্যক্তিৰ যাৱতীয় কৰ্ম সহজ কৰি দিব। এইদৰে যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰে, অৰ্থাৎ এনেকুৱা ভুল-ত্ৰুটি যিটো প্ৰকাশ পালে তেওঁ লজ্জিত হ'ব তথা অপমানিত হ'ব, তেনেকুৱা বিষয় গোপন কৰে তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব। মহান আল্লাহে সদায় সেই বান্দাক সহায়-সহযোগিতা কৰে, যেতিয়ালৈকে বান্দাই নিজৰ মুছলিম ভাতৃক দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ক্ষেত্ৰত সহায়-সহযোগিতা কৰে। এই সহায় দুআৰ জৰিয়তেও হ’ব পাৰে, শাৰীৰিক আৰু আৰ্থিকভাৱেও হ’ব পাৰে। এইদৰে যিয়ে একমাত্ৰ আল্লাহৰ সন্তুষ্টি অৰ্জনাৰ্থে দ্বীনি ইল্ম শিকিবলৈ খোজ দিয়ে, আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিয়ে। এইদৰে আল্লাহৰ কোনো ঘৰত যেতিয়া কিছুমান ব্যক্তি একত্ৰিত হৈ আল্লাহৰ কিতাব তিলাৱত কৰে আৰু পৰস্পৰে চৰ্চা কৰে। ফলত আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত শান্তি অৱতীৰ্ণ হয় আৰু আল্লাহৰ ৰহমতে তেওঁলোকক ঢাকি ৰাখে। ফিৰিস্তাসকলে তেওঁলোকক আগুৰি ধৰে। মহান আল্লাহে সেইসকল লোকৰ প্ৰশংসা কৰে তেওঁৰ নৈকট্যপ্ৰাপ্ত ফিৰিস্তাসকলৰ সন্মুখত। সৰ্বোচ্চ সেই বৈঠকত তেওঁলোকৰ বিষয়ে উল্লেখ হোৱাটোৱে হৈছে তেওঁলোকৰ মৰ্যাদাৰ বাবে যথেষ্ট। এইদৰে যাৰ আমলত ত্ৰুটি আছে, সি আনৰ মৰ্যাদাৰ দুহাই দি কেতিয়াও তেওঁলোকৰ সমপৰ্যায়ত উপনীত হ'ব নোৱাৰিব। গতিকে আমলত অৱহেলা কৰি নিজৰ বংশ আৰু পিতৃ পুৰুষৰ মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়।