নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আল্লাহে যাৰ মঙ্গল বিচাৰে, তেওঁ তাক দ্বীন বুজিবলৈ তাওফীক দান কৰে। আনহাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ পৰা লাভ কৰা ইল্ম বণ্টনকাৰী। কাৰণ প্ৰকৃত দানকাৰী হৈছে মহান আল্লাহ। ইয়াৰ বাহিৰে সকলোবোৰ হৈছে এক প্ৰকাৰ মাধ্যমহে, আল্লাহৰ অনুমতি অবিহনে একো উপকাৰ কৰিব নোৱাৰে। লগতে হাদীছটোত তেখেতে এই কথা স্পষ্ট কৰিছে যে, এই উম্মত কিয়ামত পৰ্যন্ত আল্লাহৰ নিৰ্দেশৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, তেওঁলোকৰ বিৰোধীসকলৰ বিৰোধিতাই তেওঁলোকক কোনো ক্ষতি কৰিব নোৱাৰিব।