হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আল্লাহৰ প্রিয় চাৰিটা বাক্য সম্পৰ্কে উল্লেখ কৰিছেঃ ছুবহানাল্লাহ (سُبْحَانَ اللَّهِ): অৰ্থাৎ মহান আল্লাহ সকলো দোষ-ত্রুটিৰ পৰা পৱিত্র। আলহাম্দুলিল্লাহ (وَالْحَمْدُ لِلَّهِ): সকলো ধৰণৰ প্রশংসা একমাত্ৰ আল্লাহৰ বাবে। অৰ্থাৎ পৰিপূৰ্ণ মুহাব্বত আৰু মহত্ব সহকাৰে আল্লাহৰ গুণগাণ কৰা। লা ইলা-হা ইল্লাল্লাহ (وَلاَ إِلَهَ إِلاَّ اللَّهُ): অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আল্লাহু আকবাৰ (اللَّهُ أَكْبَرُ): অৰ্থাৎ আল্লাহ সৰ্বশ্রেষ্ঠ, সৰ্বশক্তিমান, সৱাতোকৈ মহান। এইবোৰ বাক্যৰ ফজীলত আৰু ছোৱাব অৰ্জনৰ বাবে ধাৰাবাহিকতা বজাই ৰখাৰ কোনো প্ৰয়োজন নাই, যিকোনো এটাৰ জৰিয়তে আৰম্ভ কৰিব পাৰি।