নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে দুটা বাক্য সম্পৰ্কে জনাইছে যে, মানুহে সকলো সময়তে সেই দুটা বাক্যক খুব সহজে উচ্চাৰণ কৰিব পাৰে, আৰু মীজানত সেই দুটা বাক্যৰ ছোৱাব অত্যন্ত গধূৰ হ'ব, আমাৰ দয়াময় প্ৰতিপালক মহান আল্লাহে সেই বাক্য দুটাক খুবেই পছন্দ কৰে। سُبْحَانَ اللَّهِ وَبِحَمْدِهِ سُبْحَانَ اللَّهِ الْعَظِيمِ ছুবহা-নাল্লাহি অবিহামদিহি, ছুবাহা-নাল্লাহিল আজীম। এই বাক্য দুটা অতি প্ৰিয় হোৱাৰ কাৰণ হৈছে, ইয়াৰ ভিতৰত মহান আল্লাহৰ পূৰ্ণাংগ গুণাৱলী আৰু মহত্বৰ কথা উল্লেখ আছে, আৰু তেখেতক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে।