জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আটাইতকৈ উত্তম জিকৰ হৈছে লা ইলা-হা ইল্লাল্লাহ, আৰু আটাইতকৈ উত্তম দুআ হৈছে আলহাম্দুলিল্লাহ। হাছান - (তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আটাইতকৈ উত্তম জিকৰ হৈছে লা ইলা-হা ইল্লাল্লাহ, ইয়াৰ অৰ্থ হৈছে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এইদৰে আটাইতকৈ উত্তম দুআ হৈছে আলহাম্দুলিল্লাহ। অৰ্থাৎ এই কথা স্বীকাৰ কৰা যে, আল্লাহেই হৈছে নিয়ামত প্ৰদানকাৰী। সেয়ে তেৱেঁই হৈছে পূৰ্ণাংগ গুণাৱলী আৰু প্ৰশংসাৰ অধিকাৰী।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • হাদীছটোৰ দ্বাৰা কলিমা তাওহীদ বেছি বেছি পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে, লগতে আলহামদুলিল্লাহ তথা আল্লাহৰ প্ৰশংসাৰ জৰিয়তে দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে।
explain-icon

অধিক