নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁৰ মা আমৰাহ বিন্তে ৰাৱাহা ৰাদ্বিয়াল্লাহু আনহাই তেওঁৰ বাবে কিছু সম্পদ হিবা কৰিবলৈ তেওঁৰ পিতাৰ ওচৰত অনুৰোধ কৰিলে। বিষয়টোক বাশ্বীৰে গধুৰ বোজা অনুভৱ কৰি এবছৰলৈকে টালিবাজি কৰি পাৰ কৰিলে। অৱশেষত তেওঁ মান্তি হ'ল আৰু নুমানক সম্পদৰ কিছু অংশ হিবা কৰিবলৈ সন্মতি দিলে। তেতিয়া তেওঁৰ মাকে ক'লেঃ আপুনি মোৰ পুত্ৰক যি হিবা কৰিছে, এই ক্ষেত্ৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সাক্ষী নৰখালৈকে মই সন্তুষ্ট নহওঁ। এই কথা শুনি মোৰ পিতৃয়ে মোক হাতত ধৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ গ'ল, সেই সময়ত মই শিশু আছিলোঁ। তেওঁ ক'লেঃ হে আল্লাহৰ ৰাছুল! ইয়াৰ মা বিন্তু ৰাৱাহাৰ ইচ্ছা যে, মই তেওঁৰ পুত্ৰক যি হিবা কৰিছোঁ সেই ক্ষেত্ৰত যেন মই আপোনাক সাক্ষী কৰি থওঁ। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে বাশ্বীৰ! ইয়াৰ বাহিৰেও তোমাৰ আৰু কোনো সন্তান আছেনে? তেওঁ ক'লেঃ হয়। তেখেতে ক'লেঃ তুমি সকলোকে এনেকৈ সম্পদ অৰ্পণ কৰিছানে? তেওঁ ক'লেঃ নহয়। তেখেতে ক'লেঃ তেন্তে মোক এই ক্ষেত্ৰত সাক্ষী নাৰাখিবা। কাৰণ মই অন্যায়-অত্যাচাৰৰ সপক্ষে সাক্ষী নহওঁ। মুছলিমৰ এটা বৰ্ণনাত আছে যে, তেখেতে ভৰ্ৎসনা কৰি তেওঁক কৈছেঃ এই অন্যায়ৰ ক্ষেত্ৰত তুমি মোৰ বাহিৰে বেলেগক সাক্ষী কৰাগৈ।