হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহক দুটা ডাঙৰ ফজিলত সম্পৰ্কে অৱগত কৰিছে। প্ৰথমঃ যিয়ে সুন্দৰকৈ ছুন্নতি নিয়ম অনুসৰি পৰিপূৰ্ণৰূপে অজু কৰিব, অজুৰ প্ৰতিটো অংগ পানীৰে ভালকৈ ধুই ল'ব আৰু তাৰ পিছত ক'বঃ (أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ) (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে তেওঁ প্ৰৱেশ কৰিব পাৰিব। দ্বিতীয়ঃ যিয়ে এইদৰে পৰিপূৰ্ণৰূপে অজু কৰিব আৰু তাৰ পিছত থিয় হৈ দুই ৰাকাত নামাজ পঢ়িব। য'ত তেওঁ ইখলাচৰ সৈতে বিনয়ী হৈ থিয় হ'ব, লগতে শৰীৰৰ সকলো অংগ আল্লাহৰ বাবে নত কৰিব, তাৰ বাবে জান্নাত অনিবাৰ্য হৈ যায়।