লাক্বীত বিন চাবুৰা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ বনীল মুন্তাফিক গোত্ৰৰ প্ৰতিনিধি দলৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিল। তেওঁ কৈছেঃ আমি তেখেতৰ ঘৰত গৈ তেখেতক লগ নাপালোঁ। ঘৰত আমি উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক পালোঁ। তেওঁ আমাৰ বাবে আটা আৰু ঘিউৰ দ্বাৰা এটা তৰল খাদ্য প্ৰস্তুত কৰাৰ নিৰ্দেশ দিলে। লগতে আমাৰ সন্মুখত খেজুৰ ভৰা এটা পাত্ৰ পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি উপস্থিত হ'ল আৰু তেখেতে ক'লেঃ তোমালোকক খাবলৈ কিবা দিয়া হৈছিলনে? আমি ক'লোঁঃ হয়। লাক্বীতে কৈছেঃ আমি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, সেই সময়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ভেৰা ছাগলীৰ ৰখীয়াই ভেৰা ছাগলীবোৰক গোহালিৰ ফালে লৈ যোৱা পৰিলক্ষিত হ'ল, সেই ভেৰা ছাগলীৰ পালত আছিল এটি সৰু পোৱালীও, যিটো চিঞৰি আছিল। তেতিয়া তেখেতে ক'লেঃ কি পোৱালী হৈছে? ৰখীয়াই উত্তৰত ক'লেঃ মাইকী। তেখেতে ক'লেঃ তেন্তে ইয়াৰ বিপৰীতে এটা পূৰ্ণ বয়স্ক ছাগলী জবেহ কৰা। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে (লাক্বীতক উদ্দেশ্যি) ক'লেঃ তোমালোকে এইটো নাভাবিবা যে, আমি অসুবিধা স্বীকাৰ কৰি এইটো তোমালোকৰ বাবে জবেহ কৰিলোঁ। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি এই সংখ্যা বঢ়াব বিচৰা নাই। সেয়ে যেতিয়া কোনো এটা নতুন পোৱালী জন্ম হয়, আমি তাৰ বিপৰীতে বেলেগ এটাক জবেহ কৰোঁ। ইয়াৰ পিছত লাক্বীতে এটা প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! মোৰ স্ত্ৰীৰ জিভা সীমা চেৰাই গৈছে, অনায়াসে অশ্লীল ভাষা প্ৰয়োগ কৰে। মই তাইৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিম? তেখেতে ক'লেঃ তেন্তে তুমি তাইক তালাক্ব দিয়া। তেওঁ কৈছেঃ মই ক’লোঁ: হে আল্লাহৰ ৰাছুল! তাইৰ সৈতে মোৰ দীৰ্ঘদিনৰ সংসাৰ আছে আৰু তাইৰ পৰা মোৰ সন্তানো আছে। তেখেতে ক’লে: তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই তোমাৰ উপদেশ মানি ল’ব। যদি নামানে, তেন্তে তাইক লঘু শাস্তি বিহিবা, কিন্তু দাস-দাসীৰ দৰে প্ৰহাৰ নকৰিবা। ইয়াৰ পিছত লাক্বীতে ক’লে: হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক। তেখেতে ক’লে: অজুৰ সময়ত অজুৰ প্ৰতিটো অংগত পৰিপূৰ্ণৰূপে পানীৰে ধুই ল'বা, যাতে প্ৰতিটো অংগৰ হক আদায় হয়। ইয়াৰ ফৰজ আৰু ছুন্নত এটাও যাতে বাদ নপৰে। লগতে হাত-ভৰি ধোৱাৰ সময়ত আঙুলিবোৰৰ মাজত ঘঁহি ল'বা, লগতে অজুৰ সময়ত নাকৰ ভিতৰত পানী টানি লৈ সেই পানী সজোৰে উলিয়াই আনিবা আৰু ভালদৰে পৰিষ্কাৰ কৰিবা। কিন্তু যদি ৰোজা অৱস্থা থাকা তেন্তে এইদৰে নকৰিবা।