explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা অজু কৰাৰ সময়ত অজুৰ অংগবোৰ এবাৰ এবাৰকৈ ধুইছিল। উদাহৰণস্বৰূপে- মুখমণ্ডল- ইয়াৰ ভিতৰত কুলি কৰা আৰু নাক চাফ কৰাকো সামৰি লোৱা হৈছে- দুই হাত, দুই ভৰি আদিক এবাৰ এবাৰকৈ ধুইছিল। এইটো হৈছে ওৱাজিব পৰিমাণ।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • অজুৰ অংগবোৰ নূন্যতম এবাৰকৈ ধোৱা ওৱাজিব। ইয়াতকৈ অধিক ধোৱাটো মুস্তাহাব।
  • কেতিয়াবা কেতিয়াবা এবাৰ এবাৰকৈও ধুব পাৰি।
  • মূৰ মছেহ কৰাটো এবাৰেই যথেষ্ট।