নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মক্কাৰ পৰা মদীনাৰ ছফৰত আছিল, তেখেতৰ সৈতে কিছুমান চাহাবাও আছিল। ভ্ৰমণকালত তেওঁলোকে পানীৰ এটা স্থান পালে। সেয়ে কিছুমান চাহাবাই আচৰৰ চালাতৰ কাৰণে অজু কৰাৰ উদ্দেশ্যে খৰধৰকৈ অজু কৰিবলৈ গ'ল। কিন্তু তেওঁলোকে খৰখেদাকৈ অজু কৰাৰ কাৰণে ভৰিৰ শেষৰ অংশখিনিত পানী ঢুকি পোৱা নাছিল। এই দেখি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ভৰিৰ গোৰোহা ধোৱাৰ ক্ষেত্ৰত অৱহেলা কৰাৰ কাৰণেও জাহান্নামত শাস্তি আছে তথা ধ্বংস আছে। লগতে তেখেতে নিৰ্দেশ দিছে যে, তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা।