হাদীছটোত আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু কৰাৰ পদ্ধতি হুবহু কৰি দেখুৱাইছে। তেওঁ সৰু পাত্ৰ এটাত পানী বিচাৰিলে। সেই পানীৰে তেওঁ প্ৰথমে দুয়ো হাতৰ সৰুগাঁঠিলৈকে ধুই ল'লে। অৰ্থাৎ পাত্ৰটো অকণমান হেলনীয়া কৰি লৈ পানী ঢালি ল'লে আৰু সেই পানীৰে তিনিবাৰ হাত ধুই ল'লে। ইয়াৰ পিছত তেওঁ পাত্ৰৰ মাজত হাত সোমোৱাই দি তিনি চলু পানী লৈছিল, প্ৰত্যেক চলু পানীৰে কুলি কৰিছিল আৰু নাক চাফ কৰিবলৈ নাকতো দিছিল। ইয়াৰ পিছত পাত্ৰৰ পৰা পানী লৈ তিনিবাৰ মুখমণ্ডল ধুইছিল। ইয়াৰ পিছত তেওঁ সেই পাত্ৰৰ পৰা পানী লৈ দুবাৰ দুবাৰকৈ দুয়ো হাত কিলাকুটিলৈকে ধুইছিল। ইয়াৰ পিছত পাত্ৰৰ পৰা পানী লৈ মূৰ মছেহ কৰিছিল। মছেহ কৰোঁতে মূৰৰ সন্মুখৰ পৰা আৰম্ভ কৰি মূৰৰ পিছফালে চুলি গজা ঠাইলৈকে আৰু তাৰ পৰা আকৌ সন্মুখলৈকে, য'ৰ পৰা মছেহ আৰম্ভ হৈছিল। ইয়াৰ পিছত তেওঁ দুয়ো ভৰি সৰুগাঁঠিলৈকে ধুইছিল।