হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই জনাইছে যে, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া প্ৰথম অহী অৱতীৰ্ণ হৈছে তথা তেখেতক যেতিয়া নুবুওৱত প্ৰদান কৰা হৈছে তেতিয়া তেখেতৰ বয়স আছিল চল্লিশ বছৰ। অহী লাভ কৰাৰ পিছত তেখেতে মক্কাত ১৩ বছৰ অৱস্থান কৰিছিল। ইয়াৰ পিছত তেখেতক মদীনালৈ হিজৰত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। ইয়াত আহি তেখেতে ১০ বছৰ সময় অৱস্থান কৰাৰ পিছত ৬৩ বছৰ বয়সত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৃত্যু হয়।