নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে তেখেতক এনেকুৱা পাঁচটা গুণ প্ৰদান কৰিছে যিবোৰ তেখেতৰ পূৰ্বে আন কোনো নবীক দিয়া হোৱা নাছিল। প্ৰথমঃ মোক প্ৰভাৱ প্ৰদান কৰি সহায় কৰা হৈছে, এনেকুৱা প্ৰভাৱ যিয়ে মোৰ শত্ৰুসকলৰ অন্তৰত আতংক সৃষ্টি কৰে, যদিও মোৰ আৰু তাৰ মাজত এক মাহৰ দূৰত্ব থাকে তথাপিও তাক আতংকিত কৰে। দ্বিতীয়ঃ আমাৰ বাবে গোটেই পৃথিৱীক ছাজদাহ কৰিব পৰা ঠাই বনাই দিছে। গতিকে আমি য'তেই থাকোঁ ততেই নামাজ পঢ়িব পাৰোঁ। এইদৰে ইয়াৰ মাটিকো পৱিত্ৰ কৰি দিছে, পানী নথকা অৱস্থাত মাটিৰে পৱিত্ৰতা অৰ্জন কৰিব পাৰি। তৃতীয়ঃ যুদ্ধলব্ধ সম্পদ আমাৰ বাবে হালাল কৰিছে। এইটো হৈছে সেই সম্পদ যিটো কাফিৰসকলৰ সৈতে যুদ্ধ কৰি মুছলিমসকলে সংগ্ৰহ কৰে। চতুৰ্থঃ মোক মহা শ্বাফাআত দান কৰা হৈছে। যাতে মানুহক কিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতিৰ পৰা সকাহ দিব পাৰোঁ। পঞ্চমঃ মোক গোটেই মানৱ আৰু জিন জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। অথচ মোৰ পূৰ্বৱৰ্তী নবীসকলক কেৱল তেওঁলোকৰ নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছিল।