নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা সঁজাতি দল আহিল। তেওঁলোকে তেখেতৰ ওচৰলৈ আহি তেখেতক প্ৰশংসা কৰি কিছুমান বাক্য ক'লে, যিবোৰ কথাক তেখেতে অপছন্দ কৰিলে। তেওঁলোকে কৈছিলঃ "আপুনি হৈছে আমাৰ ছায়্যিদ।" তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক ক'লেঃ "ছায়্যিদ হৈছে আল্লাহ তাআলা।" সৃষ্টিৰ ওপৰত সম্পূৰ্ণ সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰেই আছে, কাৰণ সিহঁত আটায়ে হৈছে তেওঁৰ বান্দা। তেতিয়া তেওঁলোকে ক'লেঃ আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদাৱান ব্যক্তি, লগতে মান-মৰ্যাদা, পদ-মৰ্যাদা আৰু শ্ৰেষ্ঠত্বৰ ফালৰ পৰাও আপুনিয়েই আমাৰ মাজত শ্ৰেষ্ঠ। তথা আপুনি হৈছে আমাৰ মাজত অধিক উদাৰ, অৰ্থাৎ অধিক দানকাৰী, মহা মৰ্যাদাশীল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক উপদেশ দি কৈছিল, তেওঁলোকে যেন সাধাৰণভাৱে কথা কয়, বাক্য গঠণত যাতে অতি প্ৰয়াস নকৰে। লগতে তেওঁলোকক সতৰ্ক কৰিছে যে, চয়তানে যেন তেওঁলোকক সীমালংঘনৰ পিনে লৈ নাযায়, যাৰ ফলত শ্বিৰ্ক আৰু ইয়াৰ মাধ্যমৰ দৰে হাৰাম কামত লিপ্ত হ'ব।