হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়েই জান্নাতত প্ৰৱেশ কৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে অস্বীকাৰ কৰিব। চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কোনে অস্বীকাৰ কৰিব? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰত ক'লেঃ যিয়ে ৰাছুলৰ আনুগত্য কৰিব তথা অনুসৰণ আৰু অনুকৰণ কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব। আনহাতে যিয়ে অবাধ্যতা কৰিব তথা চৰীয়তৰ আনুগত্য নকৰিব, সি দৰাচলতে নিজৰ পাপ কৰ্মৰ জৰিয়তে জান্নাতত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰে।