নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে কোৰআন মতে আমল কৰিছিল, কোৰআন কণ্ঠস্থ কৰিছিল আৰু দিনে নিশাই তিলাৱত কৰিছিল, সেই ব্যক্তি যেতিয়া জান্নাতত প্ৰৱেশ কৰিব তেতিয়া তাক কোৱা হ'বঃ কোৰআন তিলাৱত কৰা আৰু সেই অনুপাতে জান্নাতত ওপৰলৈ আৰোহণ কৰা, সেইদৰেই ধীৰস্থিৰে সুমধুৰ কণ্ঠত তিলাৱত কৰা যিদৰে পৃথিৱীত কৰিছিলা। জানি থোৱা, তোমাৰ ঠিকনা সেইটোৱে হ'ব, য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা।