explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহৰ দৃষ্টিত উৎকৃষ্ট মুছলিম হৈছে সেইজন, যিয়ে কোৰআন শিকে তথা তিলাৱত কৰে, মুখস্থ কৰে, তাফছীৰ তথা অৰ্থ বুজিবলৈ যত্ন কৰে, এইদৰে যিয়ে আমল কৰাৰ লগতে কোৰআনৰ জ্ঞান আনকো শিকায়।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • কোৰআনৰ মৰ্যাদাৰ বৰ্ণনা, কাৰণ এইখন হৈছে সৰ্বোৎকৃষ্ট বাণী তথা মহান আল্লাহৰ বাণী।
  • উৎকৃষ্ট শিক্ষাৰ্থী হৈছে সেইজন, যিয়ে নিজে শিকাৰ পিছত আনকো শিকায়, শিক্ষাক নিজৰ মাজতেই সীমাবদ্ধ কৰি নাৰাখে।
  • কোৰআন শিকা আৰু শিক্ষা দিয়াৰ মাজত তিলাৱত কৰা অৰ্থ বুজা আৰু বিধান গ্ৰহণ কৰা আদি সকলো বিষয় অন্তৰ্ভুক্ত।
explain-icon

অধিক