নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলেঃ তোমালোকে বিচৰানে যে, মই তোমালোকক এনেকুৱা আমল সম্পৰ্কে সংবাদ দিওঁ তথা এনেকুৱা এটা বিষয় শিকাওঁ, যিটো তোমালোকৰ সকলো আমলতকৈ উত্তম, তথা তোমালোকৰ মালিক সৰ্বশক্তিমান আল্লাহৰ দৃষ্টিত অত্যন্ত মৰ্যাদাৱান, অতি উত্তম তথা অতি পৱিত্ৰ? লগতে যি আমলে জান্নাতত তোমালোকৰ মৰ্যাদা উন্নীত কৰিব? যিটো তোমালোকৰ বাবে সোণ-ৰূপ চাদাক্বাহ কৰাতকৈও উত্তম? আনকি যুদ্ধক্ষেত্ৰত শত্ৰুসকলৰ মুখামুখী হোৱাতকৈও উত্তম, য'ত তোমালোকে শত্ৰুপক্ষক আঘাত কৰা আৰু সিহঁতে তোমালোকক আঘাত কৰে। চাহাবাসকলে ক'লেঃ হয় আমি এইটো বিচাৰোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সকলো সময়তে আৰু সকলো অৱস্থাতে আল্লাহৰ জিকৰ-আজকাৰ কৰা।