নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ প্ৰতি সহজ পন্থা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছিল, আৰু সিহঁতৰ প্ৰতি কঠোৰতা অৱলম্বন কৰিবলৈ নিষেধ কৰিছিল। দ্বীনি হওক বা দুনিয়াৱী উভয় ক্ষেত্ৰতে তেখেতৰ এই নিৰ্দেশনা আছিল। এইটো হ'ব লাগিব আল্লাহে বৈধ কৰা চৰীয়ত মুতাবিক। লগতে তেখেতে মানুহক কল্যাণৰ প্ৰতি আহ্বান কৰিবলৈ উৎসাহিত কৰিছে আৰু চৰীয়তৰ পৰা বিতাৰিত কৰিবলৈ নিষেধ কৰিছে।