হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, দু‘আই হৈছে ইবাদত। গতিকে সকলো ক্ষেত্ৰতে ইখলাচ অৱলম্বন কৰা অনিবাৰ্য। সহায়-সহযোগিতা কামনা কৰি দুআ কৰাৰ ক্ষেত্রতে হওক, যেনে আল্লাহৰ ওচৰত উপকাৰী কোনো বস্তু বিচৰা, দুনিয়া আৰু আখিৰাতৰ অকল্যাণৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰা আদি। অথবা ইবাদতৰ উদ্দেশ্যে কৰা দু‘আই হওক, প্ৰত্যেক সেই কৰ্ম ইয়াৰ অন্তৰ্ভুক্ত যিটোক আল্লাহে ভালপায় তথা পছন্দ কৰে, সেয়া প্রকাশ্য হওক বা অপ্রকাশ্য, কথা হওক বা কৰ্ম, অন্তৰৰ ইবাদত হওক বা শাৰীৰিক ইবাদত নাইবা আৰ্থিক ইবাদত ইত্যাদি। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ সপক্ষে এই দলীল উত্থাপন কৰিছে, মহান আল্লাহে কৈছেঃ "তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব।"