explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত বৰ্ণনা কৰিছে যে, আল্লাহ তা‘আলাৰ দৃষ্টিত দু‘আতকৈ অধিক সন্মানিত কোনো ইবাদত নাই। কিয়নো দু‘আত আছে আল্লাহৰ অমুখাপেক্ষিতাৰ স্বীকৃতি আৰু বান্দাৰ অক্ষমতা আৰু তেওঁৰ প্রতি বান্দাৰ মুখাপেক্ষিতাৰ স্বীকাৰোক্তি।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • এই হাদীছটোত দু‘আৰ ফজীলত বৰ্ণিত হৈছে। এতেকে যি ব্যক্তিয়ে আল্লাহৰ ওচৰত দু‘আ কৰে, তেওঁ দৰাচলতে আল্লাহক মহান বুলি জ্ঞান কৰে আৰু তেওঁক সন্মান কৰে আৰু তেওঁ এই স্বীকৃতি দিয়ে যে, মহান আল্লাহ হৈছে অভাৱমুক্ত, অমুখাপেক্ষী; কাৰণ ফকীৰ বা দৰিদ্ৰৰ ওচৰত কোনেও একো নুখুঁজে। লগতে তেওঁ হৈছে সৰ্বশ্রোতা; কাৰণ বধিৰৰ ওচৰত কোনেও প্ৰাৰ্থনা নকৰে। তেওঁ অত্যন্ত দানশীল; কাৰণ কৃপণৰ ওচৰত সহায় সাধাৰণতে সহায় বিচৰা নহয়। তেওঁ অত্যন্ত দয়ালু; কাৰণ কঠোৰ হৃদয়ৰ অধিকাৰীৰ ওচৰত মানুহে একো নিবিচাৰে। তেওঁ সক্ষম; কিয়নো অক্ষম ব্যক্তিৰ ওচৰত মানুহে দু‘আ নকৰে। তেওঁ অত্যন্ত নিকটৱৰ্তী; কিয়নো দূৰৱৰ্তী সত্ত্বাই শুনা নাপায়, ইত্যাদি মহান আৰু সুন্দৰ গুণাৱলীসমূহ আল্লাহৰ বাবে সাব্যস্ত কৰে।