নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মানুহৰ মৃত্যুৰ লগে লগে তাৰ আমলৰ দুৱাৰসমূহ বন্ধ হৈ যায়, কেৱল তিনিটা উপায়ৰ বাহিৰে মৃত্যুৰ পিছত নেকী অৰ্জন কৰাৰ আন কোনো উপায় নাথাকে। সেয়া হৈছেঃ প্ৰথমঃ এনেকুৱা চাদাক্বাহ যিটোৰ ছোৱাব নিৰৱচ্ছিন্ন, যেনে- কোনো বস্তু ওৱাকফ কৰা, মছজিদ নিৰ্মাণ কৰা, কুঁৱা বা দমকল আদিৰ দ্বাৰা পানীৰ ব্যৱস্থা কৰা ইত্যাদি। দ্বিতীয়ঃ এনেকুৱা উত্তম জ্ঞান যিটোৰ দ্বাৰা মানুহে উপকৃত হয়। যেনে- উপকাৰী জ্ঞান সম্বলিত কিতাপ সংকলন কৰা, কাৰোবাক জ্ঞান শিক্ষা দিয়া, সেই ব্যক্তি তেওঁৰ মৃত্যুৰ পিছত সেই জ্ঞান প্ৰচাৰ-প্ৰসাৰ কৰে। তৃতীয়ঃ নেক মুমিন সন্তান যিয়ে পিতৃ-মাতৃৰ বাবে দুআ কৰে।