ৰাফে বিন খাদীজ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে জুল হুলাইফাত আছিল, ইপিনে মানুহৰ অত্যন্ত ভোক লাগিছিল। তেওঁলোকে মুশ্বৰিকসকলৰ সৈতে কৰা যুদ্ধত উট আৰু ছাগলীকে আদি কৰি কিছুমান সম্পদ লাভ কৰিছিল। তেওঁলোকে যুদ্ধলব্ধ সম্পদ বণ্টন হোৱাৰ আগতে (ভোকৰ তাড়নাত) খৰখেদাকৈ যুদ্ধলব্ধৰ পশুৰ পৰা কেইটামান জবেহ কৰিলে। ৰান্ধিবলৈ বাচন বৰ্তন চৌকাত উঠাই দিলে। এই সকলোবোৰ কৰিছিল তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা অনুমতি নোলোৱাকৈ। ইপিনে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সন্যবাহিনীৰ একেবাৰে পিছফালে। যেতিয়া তেখেতে পশু জবেহ কৰি ৰন্ধা বঢ়া কৰাৰ বিষয়টো গম পালে, তেতিয়া তেখেতে আঞ্জা সহকাৰে সেইবোৰ পেলাই দিবলৈ নিৰ্দেশ দিলে। ইয়াৰ পিছত তেখেতে লোকসকলৰ মাজত যুদ্ধ লব্ধ সম্পদ বণ্টন কৰিবলৈ আৰম্ভ কৰিলে। সেই বণ্টনত তেখেতে এটা উটৰ পৰিবৰ্তে দহটাকৈ ছাগলী নিৰ্ধাৰণ কৰিছিল। কিন্তু হঠাৎ সেই উট বিলাকৰ মাজৰ পৰা এটা উট দৌৰি পলায়ন কৰিলে। তেওঁলোক উটটোক ধৰিবলৈ খুবেই চেষ্টা কৰিলে, অৱশেষত ক্লান্ত হৈ পৰিল। তেওঁলোকৰ ওচৰত ঘোঁৰাৰ সংখ্যাও কম আছিল। তেওঁলোকৰ মাজৰ কোনোবাই উটটোক লক্ষ্য কৰি এটা কাঁড় নিক্ষেপ কৰিলে। ইয়াৰ ফলত আল্লাহৰ অনুমতিত উটটো ৰৈ দিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এই ঘৰচীয়া জন্তুবোৰৰ মাজতো বনৰীয়া পশুৰ স্বভাৱ থাকে। যদি কেতিয়াবা এইবোৰে তোমালোকক অপাৰগ কৰে আৰু তোমালোকে সেইটোক ৰখাবলৈ অপাৰগ হোৱা, তেন্তে এনেকুৱাই কৰিবা। ইয়াৰ পিছত ৰাফে বিন খাদীজে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) সম্ভৱতঃ কাইলৈ আমি শত্ৰুৰ মুখামুখি হ'ব লাগিব। গতিকে আমি যদি আমাৰ অস্ত্ৰ পাতিৰে এইবোৰ জবেহ কৰোঁ তেন্তে হয়তো এইবোৰৰ তীক্ষ্ণতা হ্ৰাস পাব। ইপিনে এইবোৰ জবেহ নকৰিলেও নহয়। আমাৰ ওচৰত অতিৰিক্ত ছুৰীও নাই। এতেকে আমি শুকান বাঁহৰ ফলাৰে জবেহ কৰিব পাৰিমনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তেজ প্ৰবাহিত কৰিব পৰা যিকোনো বস্তুৰে জবেহ কৰিব পাৰা, যিটোৰ দ্বাৰা বেছি পৰিমাণে তেজ প্ৰবাহিত কৰিব পৰা যায়, লগতে যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে, সেই মাংস ভক্ষণ কৰিব পাৰিবা। কিন্তু দাঁত আৰু নখ আদিৰ বাহিৰে। এই বিষয়ে শুনা মই কওঁ! দাঁত হৈছে এক প্ৰকাৰ হাড়। আনহাতে আবিচিনিয়া (হাবশ্বা)ৰ অধিবাসী কাফিৰসকলে জীৱ জন্তু জবেহ কৰিবলৈ নখ ব্যৱহাৰ কৰে।