চাহাবাসকলৰ এটা সঁজাতি দল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি তেওঁলোকৰ অন্তৰত উদ্ভৱ হোৱা গুৰুতৰ সংশয় সম্পৰ্কে সুধিলে, যিটো বিষয় মুখেৰে উচ্চাৰণ কৰাও গুৰুতৰ অপৰাধ, ইমান নিকৃষ্ট তথা বৰ্জনীয়। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অনুভৱ কৰিছা সেইটোৱে হৈছে স্পষ্ট ঈমান তথা প্ৰকৃত য়াকীন, যি য়াকীনে তোমালোকক তোমালোকৰ অন্তৰত উদ্ভৱ হোৱা চয়তানৰ অচঅছাৰ পৰা ৰক্ষা কৰে, আৰু এনেকুৱা কথা মুখেৰে উচ্চাৰণ কৰিবলৈও তোমালোকক বাধা দিয়ে, যিটোক তোমালোকে নিজে গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা। সেইকাৰণে চয়তানে তোমালোকৰ অন্তৰত ঠাই কৰিব পৰা নাই। আনহাতে যাৰ অন্তৰত চয়তানে ঠাই কৰিছে, সি এনেকুৱা কথা কোৱাৰ পৰা কোনো বাধা অনুভৱ নকৰে।