তামীম আত-দাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(মহান আল্লাহে) এই দ্বীনক প্ৰত্যেক সেই স্থানলৈ পৌঁচাই দিব, য'ত য'ত দিন আৰু ৰাতি হয়। মহান আল্লাহে কেচা পকা সকলো ঘৰতে এই দ্বীন প্ৰৱেশ কৰাব। গতিকে এই দ্বীনৰ দ্বাৰা সন্মানী ব্যক্তিক সন্মানিত কৰিব আৰু অসন্মানী ব্যক্তিক অপদস্থ কৰিব। যিয়ে ইছলাম গ্ৰহণ কৰিব, আল্লাহে তাক মৰ্যাদা প্ৰদান কৰিব, আৰু যিয়ে অস্বীকাৰ কৰিব তথা কুফৰী কৰিব, আল্লাহে তাক অপমানিত কৰিব।" তামীম আত-দাৰীয়ে কৈছেঃ এইটো মই মোৰ নিজৰ পৰিয়ালৰ মাজতে দেখিবলৈ পাইছোঁ। যিয়ে ইছলাম গ্ৰহণ কৰিছে, তেওঁ কল্যাণ, মান-সন্মান তথা মৰ্যাদা লাভ কৰিছে, আৰু যিসকলে কুফৰী কৰিছে, সিহঁত হীন অৱস্থাত অপমানিত হৈ কৰ আদায় দিবলগীয়া হৈছে। ছহীহ - (আহমদ)
explain-icon

ব্যাখ্যা

হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, এই দ্বীন পৃথিৱীৰ চুকে কোনে প্ৰসাৰিত হ'ব। দিন আৰু ৰাতিৰ আৱৰ্তন ঘটা প্ৰতিটো ঠাইতে এই দ্বীন প্ৰৱেশ কৰিব। গাওঁ, চহৰ, উপত্যকা, মৰুভূমি আদিত নিৰ্মিত প্ৰতিটো ঘৰতে আল্লাহে এই দ্বীন প্ৰৱেশ কৰাব। যিয়ে এই দ্বীন গ্ৰহণ কৰিব তথা ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব, তেওঁ ইছলামৰ দ্বাৰা সন্মানিত হ'ব। আনহাতে যিয়ে অস্বীকাৰ কৰিব তথা কুফৰী কৰিব, সি অপমানিত হ'ব তথা অপদস্থ হ'ব। ইয়াৰ পিছত চাহাবী তামীম আত-দাৰী ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই হাদীছৰ প্ৰমাণ স্বয়ং তেওঁৰ পৰিয়ালতে পাইছে। তেওঁলোকৰ মাজৰ যিসকলে ঈমান আনিছিল, তেওঁলোকে কল্যাণ আৰু মান-মৰ্যাদা লাভ কৰিছিল। আনহাতে যিসকলে কুফৰী কৰিছিল সিহঁতে লাঞ্ছিত, অপমানিত হৈ মুছলিমসকলক কৰ প্ৰদান কৰিবলগীয়া হৈছিল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • ইয়াৰ দ্বাৰা মুছলিমসকলক সুসংবাদ দিয়া হৈছে যে, তেওঁলোকৰ দ্বীন গোটেই পৃথিৱীত প্ৰসাৰিত হ'ব।
  • মান-মৰ্যাদা ইছলাম আৰু মুছলিমৰ বাবে। আনহাতে আপমান আৰু লাঞ্ছনা কুফৰ আৰু কাফিৰৰ বাবে।
  • এইটো নুবুওৱতৰ প্ৰমাণসমূহৰ মাজৰ অন্যতম এটা প্ৰমাণ তথা প্ৰতীক। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিদৰে সংবাদ দিছে, পৰৱৰ্তী সময়ত তেনেকৈয়ে বাস্তৱায়িত হৈছে।
explain-icon

অধিক