নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে ছুৰা কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰি কণ্ঠস্থ ৰাখিব, আল্লাহে তাক মছীহুদ দাজ্জালৰ ফিতনাৰ পৰা ৰক্ষা কৰিব। দাজ্জাল অন্তিম জামানাত ওলাব আৰু সি নিজকে উপাস্য বুলি দাবী কৰিব। দাজ্জালৰ ফিতনা হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফিতনা, এনেকুৱা ডাঙৰ ফিতনা যে, আদমৰ সৃষ্টিৰ পৰা কিয়ামত পৰ্যন্ত তেনেকুৱা ফিতনাৰ আৱিৰ্ভাৱ হোৱা নাই। আল্লাহে তাক এনেকুৱা কিছুমান আচৰিত শক্তি দিব, যাৰ দ্বাৰা সি মানুহক ফিতনাত পতিত কৰিব। এতেকে ছুৰা কাহাফৰ আৰম্ভণিত এনেকুৱা আশ্চৰ্যকৰ নিদৰ্শনৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ দাজ্জালৰ ফিতনাতকৈও আশ্চৰ্যকৰ। গতিকে যিয়ে এইবোৰকলৈ চিন্তা চৰ্চা কৰিব তেওঁ কেতিয়াও দাজ্জালৰ ফিতনাত পতিত নহ'ব। আন এটা বৰ্ণনাত আছে যে, এই ছুৰাৰ শেষৰ দহ আয়াত। অৰ্থাৎ এই আয়াতৰ পৰা {أفحسب الذين كفروا أن يتخذوا…}. শেষলৈকে।