নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছেঃ নামাজত পঢ়িবলগীয়া ছুৰা ফাতিহাক মোৰ আৰু মোৰ বান্দাৰ মাজত মই দুভাগত বিভক্ত কৰি দিছোঁ। আধা হৈছে মোৰ বাবে আৰু আধা হৈছে মোৰ বান্দাৰ বাবে। প্ৰথম অৰ্দ্ধেকত মহান আল্লাহৰ হাম্দ অ ছানা প্ৰশংসা গুণগান আৰু তেওঁৰ মৰ্যাদা আছে, আৰু এই কথা উল্লেখ আছে যে, তেওঁ ইয়াৰ উত্তম প্ৰতিদান দিব। দ্বিতীয় অৰ্দ্ধেকত আছে, অনুনয় বিনয় আৰু দুআ, যিটো তেওঁ কবূল কৰে আৰু বান্দাই যি বিচাৰে সেইটোৱে মই প্ৰদান কৰোঁ। এতেকে যেতিয়া মুচল্লীয়ে কয়ঃ (الحمد لله رب العالمين), তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرحمن الرحيم) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ গুণগান কৰিছে, তথা সৃষ্টিজগতৰ ওপৰত থকা মোৰ অনুগ্ৰহক স্বীকাৰ কৰিছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مالك يوم الدين) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোক বিশাল সন্মানেৰে ভূষিত কৰিছে। ইয়াৰ পিছত যেতিয়া কয়ঃ (إياك نعبد وإياك نستعين) তেতিয়া মহান আল্লাহে কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজত বণ্টিত। প্ৰথম অৰ্দ্ধেক এই আয়াত পৰ্যন্তঃ (إياك نعبد) ইয়াত এই কথা স্বীকাৰ কৰা হৈছে যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য আৰু তেৱেঁই ইবাদত কবূল কৰে। এই আয়াতৰ দ্বাৰাই প্ৰথম অৰ্দ্ধেক সমাপ্ত যিটো আল্লাহৰ বাবে নিৰ্দিষ্ট। দ্বিতীয় অৰ্দ্ধেক যিটো বান্দাৰ বাবে নিৰ্দিষ্ট সেইটো ইয়াৰ পৰা আৰম্ভ হয়ঃ (وإياك نستعين) ইয়াৰ দ্বাৰা আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা হয়, আৰু তেওঁ সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিও দিছে। আৰু যেতিয়া বান্দাই কয়ঃ (اهدنا الصراط المستقيم * صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين) তেতিয়া মহান আল্লাহে কয়ঃ এইটো হৈছে মোৰ বান্দাৰ অনুনয় বিনয় আৰু দুআ, বান্দাই যি বিচাৰে সেইটোৱে মই দিম, মই তাৰ এই দুআ কবূল কৰিছোঁ।