আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক? আমি ক'লোঁঃ হয় (নিশ্চয় বিচাৰোঁ)। তেখেতে ক'লেঃ শুনা! নামাজত তিনিটা আয়াত তিলাৱত কৰাটো হৈছে তিনিটা ডাঙৰ ডাঙৰ শকত গৰ্ভৱতী উট পোৱাতকৈও উত্তম। ছহীহ - (মুছলিম)