নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে ভালদৰে কোৰআন পঢ়ে আৰু উত্তমভাৱে তাৰ মুখস্থও আছে, লগতে সেই ব্যক্তি তিলাৱাতত অত্যন্ত পাৰদৰ্শী আৰু দক্ষ, পৰকালত তেনেকুৱা ব্যক্তিৰ মৰ্যাদা হৈছে এই যে, তেওঁ আখিৰাতত সন্মানীয় পুণ্যৱান ফিৰিস্তাসকলৰ সাহচৰ্য্য লাভ কৰিব। আনহাতে যিয়ে বহু কষ্টৰে ৰৈ ৰৈ কোৰআন তিলাৱত কৰে, তথা তিলাৱত কৰোঁতে অসুবিধা অনুভৱ কৰে, লগতে স্মৃতি শক্তিৰ দুৰ্বলতাৰ কাৰণে তিলাৱাতত বাধাৰ সৃষ্টি হয়, তথাপিও তেওঁ নিয়মিতভাৱে তিলাৱত কৰে, তেনেকুৱা ব্যক্তিৰ বাবে দ্বিগুণ ছোৱাব আছে; এটা হৈছে তিলাৱাতৰ ছোৱাব আৰু আনটো হৈছে কষ্ট সহ্য কৰি বাধাৰ সন্মুখীন হোৱা সত্ত্বেও তিলাৱত কৰাৰ ছোৱাব।