হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক দাজ্জালৰ এনেকুৱা কিছুমান বৈশিষ্ট্য আৰু প্ৰতীক সম্পৰ্কে অৱগত কৰিছে, যিবোৰ পূৰ্বৱৰ্তী কোনো নবীয়েই কোৱা নাছিল। যেনেঃ সি হ'ব কণা, মহান আল্লাহে তাক এনেকুৱা কিবা প্ৰদান কৰিব, যিটো বাহ্যিক দৃষ্টিত জান্নাত আৰু জাহান্নামৰ দৰে দেখা যাব। কিন্তু তাৰ জান্নাত হ'ব জাহান্নাম, আৰু জাহান্নাম হ'ব জান্নাত। যিয়ে তাৰ অনুসৰণ কৰিব, সি তাক সেই জান্নাতত প্ৰৱেশ কৰাব যিটো বাহ্যিক দৃষ্টিত জান্নাত দেখা যাব, প্ৰকৃততে সেইটো হ'ব জাহান্নাম। আনহাতে যিয়ে তাৰ অবাধ্যতা কৰিব, সি তাক সেই জাহান্নামত নিক্ষেপ কৰিব, যিটো বাহ্যিক জাহান্নামৰ দৰে দেখা যাব, প্ৰকৃততে সেইটো হ'ব উৎকৃষ্ট জান্নাত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক দাজ্জালৰ ফিতনাৰ পৰা সতৰ্ক কৰিছে, যিদৰে নূহ আলাইহিচ্ছালামে তেওঁৰ উম্মতক সতৰ্ক কৰিছিল।