হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আতংকিত অৱস্থাত জয়নব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক'লেঃ (لا إله إلا الله) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এইটো এনেকুৱা ভাৱ-ভঙ্গীৰে কৈছিল যেনিবা কিবা বেয়া সংকেত আহিছে। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে ইয়াৰ পৰা ৰক্ষা পোৱাৰ আন কোনো উপায় নাই। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব, সেইটো অচিৰেই সংঘটিত হ'বলৈ গৈ আছে। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰৰ (যিটো প্ৰাচীৰ জুল কাৰনাইনে নিৰ্মাণ কৰিছিল) ইমানখিনি ছিদ্ৰ হৈছে, তেখেতে নিজৰ বৃদ্ধাঙ্গুলি আৰু তৰ্জনী আঙুলিৰে গোলাকাৰ বনাই দেখুৱালে। জয়নব ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ আল্লাহে কিয় আমাৰ ওপৰত ধ্বংস জাপি দিব, অথচ আমাৰ মাজত পুণ্যৱান মুমিনসকল আছে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ যেতিয়া অপৱিত্ৰতা, পাপ-পঙ্কিলতা, নিৰ্লজ্জতা, ব্যভিচাৰ, মাদক দ্ৰৱ্য আদি বিয়পি পৰিব তথা সহজলভ্য হ'ব, তেতিয়া সমূলি ধ্বংস হ'ব।