নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰক নামাজ আদিৰ পৰা খালি ৰাখিবলৈ নিষেধ কৰিছে, যাতে ঘৰখন কবৰস্থানত পৰিণত নহয়, কাৰণ কবৰস্থানতহে নামাজ পঢ়া নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, চয়তান প্ৰত্যেক সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।