উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনাইছে যে, যোৱা ৰাতি আল্লাহে মোৰ ওপৰত এনেকুৱা কিছুমান আয়াত অৱতীৰ্ণ কৰিছে, (আশ্ৰয় প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত) এনেকুৱা আয়াত ইতিপূৰ্বে দেখা হোৱা নাছিল। সেই দুটা হৈছে ছুৰা ফালাক্বা {قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ} আৰু ছুৰা নাছ {قُلْ أَعُوذُ بِرَبِّ النَّاسِ}।