মহান আল্লাহে যেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াত অৱতীৰ্ণ কৰিলেঃ {لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ} অৰ্থাৎ আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰক আল্লাহেই সৃষ্টি কৰিছে আৰু তেৱেঁই ইয়াৰ মালিক, তেৱেঁই এইবোৰক নিয়ন্ত্ৰণ কৰে আৰু পৰিচালনা কৰে। {وَإِنْ تُبْدُوا} যদি তোমালোকে প্ৰকাশ কৰা। {مَا فِي أَنْفُسِكُمْ} তোমালোকৰ অন্তৰত যি আছে। {أَوْ تُخْفُوهُ} অথবা গোপন কৰা তথা অন্তৰত লুকুৱাই ৰখা। {يُحَاسِبْكُمْ بِهِ اللَّهُ} তথাপিও আল্লাহে কিয়ামতৰ দিনা লোকক জবাবদিহি কৰিব, হিচাপ ল'ব। {فَيَغْفِرُ لِمَنْ يَشَاءُ} তেওঁ নিজ ৰহমত আৰু অনুগ্ৰহৰ দ্বাৰা যাক ইচ্ছা কৰিব তাক ক্ষমা কৰি দিব। {وَيُعَذِّبُ مَنْ يَشَاءُ} আনহাতে যাক ইচ্ছা কৰিব ন্যায়ৰ ভিত্তিত শাস্তি বিহিব। {وَاللَّهُ عَلَى كُلِّ شَيْءٍ قَدِيرٌ} আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। উক্ত আয়াতটো যেতিয়া চাহাবাসকলে শুনিলে যে, অন্তৰত কৰা পৰিকল্পনা তথা চিন্তা ভাৱনা সম্পৰ্কেও আল্লাহে জবাবদিহি কৰিব, তেতিয়া তেওঁলোকে বিষয়টোক কঠিন বুলি ভাবিলে। ইয়াৰ পিছত তেওঁলোকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলে। তেওঁলোকে আঁঠু পাৰি ভদ্ৰভাৱে বহিলে। ইয়াৰ পিছত ক'লেঃ হে আল্লাহৰ ৰাছুল! ইতিপূৰ্বে আমাক যিবোৰ আমলৰ নিৰ্দেশ দিয়া হৈছিল সেইবোৰ আছিল আমাৰ সাধ্যৰ ভিতৰত, যেনে- নামাজ ৰোজা, জিহাদ আৰু দান খয়ৰাত। কিন্তু আপোনাৰ প্ৰতি এতিয়া যিটো আয়াত অৱতীৰ্ণ হৈছে, সেইটো আমাৰ সাধ্যৰ বাহিৰত। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকেও সেইদৰেই ক'ব বিচৰা নেকি যিদৰে ইয়াহুদী আৰু নাচাৰাসকলে কৈছিলঃ{سَمِعْنَا وَعَصَيْنَا} যে, আমি শুনিলোঁ কিন্তু নামানো। বৰং তোমালোকে এইদৰে কোৱা যে, {سَمِعْنَا وَأَطَعْنَا غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ المَصِيرُ} আমি শুনিলোঁ আৰু মানিলোঁ, তথা হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া, কাৰণ তোমাৰ ওচৰতেই আমি প্ৰত্যাৱৰ্তন কৰিব লাগিব। লগে লগে চাহাবাসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ মানি ল'লে আৰু ক'লেঃ আমি শুনিলোঁ আৰু মানিলোঁ, তথা হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া, কাৰণ তোমাৰ ওচৰতেই আমি প্ৰত্যাৱৰ্তন কৰিব লাগিব। যেতিয়া চহাবাসকলে এইটো মুখেৰে উচ্চাৰণ কৰিলে আৰু তেওঁলোকে মনে প্ৰাণে বিষয়টোক মানি ল'লে, তেতিয়া আল্লাহে নবী আৰু তেখেতৰ উম্মতৰ কথা উল্লেখ কৰি এই আয়াত অৱতীৰ্ণ কৰিলেঃ {آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالمُؤْمِنُونَ} যে, মুমিনসকলে মুখেৰে বিষয়টো স্বীকাৰ কৰিছে আৰু তেওঁলোকৰ অন্তৰে মানি লৈছে। {كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ} প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ। বৰং আমি সকলোৰে প্ৰতি ঈমান আনিছোঁ, আমি আপোনাৰ কথা শুনিছোঁ আৰু আদেশ মানি লৈছোঁ। আমি আমাৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন আমাক ক্ষমা কৰি দিয়ে। কাৰণ হিচাপ-নিকাচৰ দিনা আমি তেওঁৰ ওচৰতেই উপস্থিত হ'ব লাগিব। যেতিয়া তেওঁলোকে এইটো কৰিলে, অৰ্থাৎ আল্লাহৰ আদেশ অনুসৰি আনুগত্য স্বীকাৰ কৰিলে, তেতিয়া আল্লাহে এই উম্মতৰ পৰা এই বিষয়টো লাঘৱ কৰি দিলে। তথা সেই আয়াতটোক মনছুখ তথা ৰহিত কৰি দিলে, আৰু এই আয়াত অৱতীৰ্ণ কৰিলে যে, আল্লাহে কাৰো ওপৰত সেই ব্যক্তিৰ সাধ্যাতীত কোনো বোজা অৰ্পণ নকৰে। অৰ্থাৎ প্ৰত্যেকৰে ওপৰত সেই পৰিমাণ দায়িত্ব তথা বোজা অৰ্পণ কৰা হয়, যিমানখিনি সি বহন কৰিবলৈ সক্ষম। যিয়ে ভাল কাম কৰিব, সি উত্তম ছোৱাব অৰ্জন কৰিব। আনহাতে যিয়ে বেয়া কাম কৰিব, সি গুনাহগাৰ হ'ব আৰু ইয়াৰ শাস্তি সি নিজেই ভোগ কৰিব। বেলেগৰ গুনাহৰ বাবে আন কাকো জবাবদিহি নকৰিব। এইদৰে অন্তৰত হঠাৎ সৃষ্টি হোৱা কুমন্ত্ৰণাৰ বাবেও আল্লাহে জবাবদিহি নকৰিব, যিটোক বাস্তৱ ৰূপ দিয়া নহয়। হে আমাৰ প্ৰতিপালক, যদি আমি পাহৰি তথা অজানিতে কিবা ভুল কৰোঁ তেন্তে তুমি আমাক শাস্তি নিদিবা। মহান আল্লাহে তেওঁলোকৰ এই দাবী মানি ল'লে আৰু ক'লেঃ ঠিক আছে, এইটোৱে কৰিম। হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত তুমি যিদৰে ভাৰি বোজা অৰ্পণ কৰিছিলা, যেনে- বনী ইছৰাঈল আৰু অন্যান্য সম্প্ৰদায়ৰ ওপৰত, সেইদৰে আমাৰ ওপৰত বোজা অৰ্পণ নকৰিবা। মহান আল্লাহে তেওঁলোকৰ এই দুআও কবূল কৰিলে আৰু ক'লেঃ ঠিক আছে, এইটোৱে কৰিম। ইয়াৰ পিছত ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওপৰত বিপদ-আপদকে আদি কৰি এনেকুৱা কঠিন বোজা অৰ্পণ নকৰিবা, যিটো বহন কৰাৰ আমাৰ ওচৰত শক্তি সামৰ্থ্য নাই, যিটো বহন কৰিবলৈ আমি অপাৰগ। মহান আল্লাহে ক'লেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া, মাফ কৰি দিয়া, সেইবোৰৰ ওপৰত পৰ্দা জাপি দিয়া আৰু সেইবোৰক আওকাণ কৰা। তুমি তোমাৰ প্ৰশস্ত ৰহমতৰ দ্বাৰা আমাৰ ওপৰত ৰহম কৰা, তুমিয়ে আমাৰ অভিভাৱক, দলীল-প্ৰমাণ সাব্যস্ত কৰিবলৈ আৰু কাফিৰসকলৰ বিপক্ষে মোকাবিলা কৰিবলৈ তুমি আমাক সহায় কৰা। মহান আল্লাহে তেওঁলোকৰ এই কথাও মানি ল'লে আৰু ক'লেঃ ঠিক আছে, কৰি দিলোঁ।