নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ মাজত থকা দুটা স্বভাৱ সম্পৰ্কে উল্লেখ কৰিছে যে, সেই দুটা হৈছে কুফৰী আমল, তথা অজ্ঞতা যুগৰ চৰিত্ৰ। সেয়া হৈছেঃ প্ৰথমঃ মানুহৰ বংশ গোত্ৰক হেও প্ৰতিপন্ন কৰা আৰু কটাক্ষ কৰা, লগতে বংশকলৈ অহংকাৰ কৰা। দ্বিতীয়ঃ ভাগ্যৰ ওপৰত অসন্তুষ্ট হৈ বিপদ-আপদৰ সময়ত বিলাপ কৰা, অথবা তীব্ৰ শোকত কাপোৰ ফালি পেলোৱা।