হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰজ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে যে, নামাজ পৰিত্যাগ কৰাটো হৈছে শ্বিৰ্ক আৰু কুফৰী কৰাৰ দৰে। নামাজ হৈছে ইছলামৰ দ্বিতীয় ৰুকন। ইছলামত ইয়াৰ গুৰুত্ব অধিক। যিয়ে ইয়াক অস্বীকাৰ কৰি পৰিত্যাগ কৰিব, মুছলিমসকলৰ ইজমা মতে সি হৈছে কাফিৰ। আনহাতে যিয়ে অৱহেলা কৰি পৰিত্যাগ কৰিব সি কুফৰী কৰিব। এই বিষয়ে চাহাবাসকলৰ পৰা ইজমা প্ৰমাণিত আছে। যদি ব্যক্তিয়ে কেতিয়াবা পঢ়ে আৰু কেতিয়াবা পৰিত্যাগ কৰে তেন্তে সি এই কঠোৰ সতৰ্কবাণীৰ অন্তৰ্ভুক্ত হ'ব।