আমৰ বিন শ্বুআইবে তেওঁৰ পিতৃ (শ্বুআইব)ৰ পৰা আৰু তেওঁ শ্বুআইবৰ দাদা (আব্দুল্লাহ বিন আমৰ)ৰ পৰা বৰ্ণনা কৰিছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।" হাছান - (আবু দাঊদ)
explain-icon

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, সন্তান, ল'ৰাই হওক বা ছোৱালী সাত বছৰ বয়স হোৱাৰ লগে লগে পিতৃয়ে সিহঁতক নামাজ পঢ়াৰ নিৰ্দেশ দিব লাগে, লগতে নামাজ আদায় কৰাৰ যাৱতীয় প্ৰয়োজনীয় বিষয়সমূহ শিকাব লাগে। আনহাতে দহ বছৰ বয়স হোৱাৰ পিছত নামাজত অৱহেলা কৰিলে বেত্ৰাঘাত কৰিব লাগে, আৰু বিছনা পৃথক কৰিব লাগে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • প্ৰাপ্তবয়স্ক হোৱাৰ আগতে সন্তানক দ্বীনৰ বিধি-বিধানসমূহ শিকাব লাগে, বিশেষকৈ নামাজৰ গুৰুত্বপূৰ্ণ বিধানসমূহ।
  • শাসনৰ উদ্দেশ্যে প্ৰহাৰ কৰিব লাগে, শাস্তি বিহাৰ উদ্দেশ্যে নহয়। গতিকে অৱস্থা অনুসৰি শাসন কৰিব লাগে।
  • চৰীয়তে মান-সন্মানো সংৰক্ষণ কৰিছে। লগতে প্ৰত্যেক সেই পথ বন্ধ কৰিছে, যি পথে মানুহক বিপথে পৰিচালিত কৰে।