explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, দ্বীন আৰু দুনিয়া, কথা আৰু কৰ্ম আদি সকলো ক্ষেত্ৰতে হিদায়ত আৰু জ্ঞান অৰ্জন নকৰাৰ বিপৰীতে সীমালংঘন কৰাটো হৈছে ধ্বংসৰ কাৰণ। সীমালংঘন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সীমাক কেৰেপ নকৰি অতিক্ৰম কৰা।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • চৰমপন্থা তথা কঠোৰতা সকলো ক্ষেত্ৰতে হাৰাম, চৰীয়তে ইয়াৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিছে। বিশেষকৈ ইবাদত আৰু পূণ্যৱান লোকসকলৰ ক্ষেত্ৰত।
  • পৰিপূৰ্ণৰূপে ইবাদত পালন কৰাটো হৈছে প্ৰশংসনীয় বিষয়, কিন্তু এইটোও হ'ব লাগিব চৰীয়ত অনুসৰি।
  • গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে তাগিদ কৰা মুস্তাহাব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উক্ত কথাষাৰ তিনিবাৰ কৈছিল।
  • ইছলামৰ মহানুভৱতা আৰু ইয়াৰ সৰলতা।