নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সেইসকল শাসকৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, যিসকলে মানুহৰ পৰা নিজৰ হক ঠিকেই আদায় কৰে কিন্তু মানুহৰ হক সিহঁতে আদায় নিদিয়ে। উদাহৰণস্বৰূপে সিহঁতৰ প্ৰতি ইনচাফ নকৰে, সিহঁতক যুদ্ধলব্ধ সম্পদৰ অংশ নিদিয়ে, অন্যায় প্ৰতিহত নকৰে আৰু সকলোকে সমান চকুৰে নেদেখে। তেনেকুৱা শাসকৰ বিষয়ে আপুনি আমাক কি পৰামৰ্শ দিয়ে? প্ৰশ্নটো শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুখ ঘূৰাই ল'লে। যেনিবা তেখেতে বিষয়টো অপছন্দ কৰিছে। কিন্তু প্ৰশ্নকাৰীয়ে দুবাৰ অথবা তিনিবাৰ প্ৰশ্নটো কৰিলে। এই দেখি আশ্বআচ বিন ক্বাইছ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰশ্নকাৰীক টানি ধৰিলে, যাতে তেওঁ চুপ থাকে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰ প্ৰদান কৰি ক'লেঃ সিহঁতৰ কথা শুনিবা আৰু সিহঁতৰ নিৰ্দেশ পালন কৰিবা। কাৰণ নাগৰিকক ন্যায়, ইনচাফ আৰু সিহঁতৰ অধিকাৰ পূৰণৰ যি দায়িত্ব সিহঁতৰ ওপৰত আছে, তাৰ বাবে সিহঁতেই জবাবদিহি হ'ব লাগিব। আনহাতে আনুগত্য কৰা, প্ৰাপ্য অধিকাৰ আদায় দিয়া আৰু ধৈৰ্য্য ধাৰণ কৰা আদি হৈছে তোমালোকৰ দায়িত্ব, ইয়াৰ বাবে তোমালোকে জবাবদিহি হ'ব লাগিব।