হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "পৰৱৰ্তী সময়ত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব আৰু (মানুহৰ প্ৰতি) অন্যায় কৰিব। এতেকে সিহঁত মিছলীয়া হোৱা সত্ত্বেও সিহঁতক যিয়ে সত্যবাদী বুলি বিশ্বাস কৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহায়-সহযোগিতা কৰিব, সি মোৰ দলভুক্ত নহয় আৰু ময়ো তাৰ দলভুক্ত নহয়। সি মোৰ হাউজত উপস্থিতো হ'ব নোৱাৰিব। আনহাতে যিয়ে সিহঁতৰ মিছলীয়া স্বভাৱৰ কাৰণে সিহঁতক সত্যবাদী বুলি গণ্য নকৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহযোগো নকৰিব, তেওঁ হৈছে মোৰ দলভুক্ত আৰু ময়ো তেওঁৰ দলভুক্ত। হাউজে কাউছাৰত তেওঁ মোৰ ওচৰত উপস্থিত থাকিব।" ছহীহ - (আহমদ)
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, তেখেতৰ মৃত্যুৰ পিছত এনেকুৱা কিছুমান শাসক হ'ব, যিসকলে মিছা কথা ক'ব, তথা এনেকুৱা কথা ক'ব যিবোৰ সিহঁতে নিজে নকৰিব। বিচাৰ-মীমাংসাৰ ক্ষেত্ৰত অন্যায় কৰিব। যিয়ে সেইসকল শাসকক বিশ্বস্ত বুলি গণ্য কৰিব অথবা সিহঁতৰ অন্যায়ত কথা বা কৰ্মৰ দ্বাৰা সহযোগ কৰিব, যেনে- সিহঁতৰ নৈকট্য লাভ কৰিবলৈ আৰু সিহঁতৰ ওচৰত কিবা পাবলৈ সিহঁতৰ পক্ষত ফতোৱা দিব, তেনেকুৱা লোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, আৰু সিহঁতৰো মোৰ সৈতে কোনো সম্পৰ্ক নাই। কিয়ামতৰ দিনা (পানী খাবলৈ) সিহঁতে মোৰ হাউজে কাউছাৰত উপস্থিত হ'ব নোৱাৰিব। আনহাতে যিয়ে সিহঁতৰ মিছলীয়া স্বভাৱৰ সমৰ্থন নকৰিব আৰু সিহঁতৰ অন্যায়-অত্যাচাৰত সহযোগ নকৰিব, তেওঁ হৈছে মোৰ দলভুক্ত। কিয়ামতৰ দিনা তেওঁ (পানী খাবলৈ) মোৰ হাউজত উপস্থিত হোৱাৰ সুবিধা লাভ কৰিব।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • শাসকৰ ওচৰলৈ যদি সঠিক পথপ্ৰদৰ্শনৰ উদ্দেশ্যে, অন্যায়-অত্যাচাৰ দূৰ কৰাৰ উদ্দেশ্যে যোৱা হয় তেন্তে এইটো হৈছে প্ৰশংসনীয়। আনহাতে যদি সিহঁতৰ অন্যায়মূলক কৰ্মত সহযোগ কৰিবলৈ আৰু সিহঁতৰ মিছলীয়া প্ৰতিশ্ৰুতিক সমৰ্থন কৰিবলৈ যোৱা হয়, তেন্তে এইটো হৈছে গৰ্হিত।
  • হাদীছটোত সেইসকল ব্যক্তিৰ বাবে কঠোৰ সতৰ্কবাণী আহিছে, যিসকলে শাসকক অন্যায়ৰ ক্ষেত্ৰত সহযোগ কৰে।
  • হাদীছটোত বৰ্ণিত এই সতৰ্কবাণীয়ে প্ৰমাণ কৰে যে, এই কামটো হৈছে হাৰাম, তথা অন্যতম এটা কাবীৰাহ গুনাহ।
  • হাদীছটোত সৎকৰ্ম আৰু তাক্বৱাৰ ক্ষেত্ৰত সহায়-সহযোগ কৰিবলৈ উৎসাহিত কৰা হৈছে, পক্ষান্তৰে অসৎকৰ্ম আৰু হিংসা বিদ্বেষ তথা শত্ৰুতাৰ ক্ষেত্ৰত সহায়-সহযোগ কৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া হৈছে।
  • হাদীছটোৰ দ্বাৰা এই কথাও প্ৰমাণিত হয় যে, আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক হাউজ প্ৰদান কৰা হ'ব, আৰু তেখেতৰ উম্মতক তাত উপস্থিত কৰা হ'ব।
explain-icon

অধিক