হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা উদাহৰণ দিছে, সেইসকল লোকৰ বাবে যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত অৱস্থান কৰে, আল্লাহৰ আদেশ পালন কৰে, মানুহক সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰে, পক্ষান্তৰে সেইসকল লোকৰ বাবে যিসকলে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা উলংঘা কৰে, সৎকৰ্ম পৰিত্যাগ কৰে আৰু অসৎকৰ্মত লিপ্ত থাকে, সমাজত ইয়াৰ কি প্ৰভাৱ পৰে তাৰ এটা উত্তম উদাহৰণ দি তেখেতে কৈছে, ইহঁতৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে যিসকলে এখন দুমহলীয়া জাহাজত আৰোহণ কৰিলে। সিহঁতে নিজৰ মাজত লটাৰি কৰি নিৰ্ধাৰণ কৰিলে যে, কোনে ওপৰত বহিব আৰু কোনে তলত। ফলত কিছুমানে ওপৰত আসন পালে আৰু আন কিছুমানে পালে তলত। কিন্তু তলত থকা লোকলকলৰ যেতিয়া পানীৰ প্ৰয়োজন হৈছিল, তেতিয়া তেওঁলোকে ওপৰত যাবলগীয়া হৈছিল। সেয়ে তলত থকা লোকসকলে চিন্তা কৰিলে যে, আমি যদি তলতে এখন ফুটা কৰি লওঁ তেন্তে দেখোন আৰু ওপৰত যাবলগীয়া নহ'ব আৰু সিহঁতক কষ্ট দিয়াও নহ'ব। এতেকে এনেকুৱা পৰিস্থিতিত ওপৰত থকা লোকসকলে যদি তলৰ লোকসকলক এই কামত বাধা নিদিয়ে তেন্তে সকলোৱে ধ্বংস হ'ব। আনহাতে যদি ওপৰৰ লোকসকলে তলৰ লোকসকলক বাধা দিয়ে তেন্তে ওপৰৰ আৰু তলৰ সকলো লোকেই ৰক্ষা পাব।